মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ সুস্বাদু আম প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী মোডীলৈ

Share

২০২৪ৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ বাবে তুংগত ৰাজনৈতিক দলসমূহৰ ৰণনীতি। তাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চলাইছে আমৰ ৰাজনীতি। মমতা বেনাৰ্জীয়ে বতৰৰ ফল আমৰ সোৱাদ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক  । উপহাৰ হিচাপে প্ৰেৰণ কৰিলে পশ্চিমবংগৰ সুস্বাদু আম। 

ৰাজনৈতিক বিবাদ, কেন্দ্ৰ-ৰাজ্যৰ সংঘাততৰ বিষয়কলৈ  চৰ্চাৰ শীৰ্ষত থাকে মমতা বেনাৰ্জী আৰু প্ৰধানমন্ত্ৰী মোডীৰ ৰাজনৈতিক সম্পৰ্ক। মমতা বেনাৰ্জীৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ষমতা আঁতৰাবলৈ  প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনৰ সময়ত যেনে ধৰণৰ বিশাল ৰোড শ্ব কৰিছিল ,  ঠিক তেনেদৰে মমতা বেনাৰ্জীও প্ৰধানমন্ত্ৰী মোডীক ক্ষমতাৰ পৰা আঁতৰাবলৈ  অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু ৰাজনৈতিক বিবাদৰ মাজতে প্ৰধানমন্ত্ৰী মোডীলৈ পশ্চিমবংগৰ বিভিন্ন প্ৰজাতিৰ আম উপহাৰ হিচাপে প্ৰেৰণ কৰে মমতা বেনাৰ্জীয়ে ।  

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীলৈ আম উপহাৰ হিচাপে প্ৰেৰণ কৰাটো  নতুন কথা নহয় । বিগত ১২ বছৰ ধৰি এইদৰে আম উপহাৰ হিচাপে প্ৰেৰণ কৰি আহিছে মমতা বেনাৰ্জীয়ে । দুয়োগৰাকী নেতাৰ মাজত ৰাজনৈতিক পাৰ্থক্য থকাৰ স্বতেও প্ৰধানমন্ত্ৰীলৈ ভাল মানদণ্ডৰ আম প্ৰেৰণ কৰা এই ঘনিষ্ঠতাই ৰাজনৈতিক প্ৰেক্ষাপটত কিহৰ ইংগিত দিব বিচাৰিছে  সেয়া পৰৱৰ্তী সময়ত  লক্ষণীয় বিষয় হ’ব। 

Leave a Reply

Your email address will not be published. Required fields are marked *