অসম মানৱ অধিকাৰ আয়োগৰ নতুন ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

Share

নিউজ ডেস্কঃ ৩ ছেপ্টেম্বৰত গুৱাহাটীৰ ৰূপনগৰত অসম মানৱ অধিকাৰ আয়োগৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি ৰাইজৰ সেৱাত উছৰ্গা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, সুদীৰ্ঘ সময়ৰ বিৰতিৰ পাছত এবিঘা ভূমিত অসম মানৱ অধিকাৰ আয়োগৰ এই স্থায়ী ভৱনটো নিৰ্মাণ কৰা হৈছে। এই উদ্বোধনী অনুষ্ঠানটিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ” অসম মানৱ অধিকাৰ আয়োগৰ এই স্থায়ী ভৱনটো উদ্বোধন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো। এই ভৱনটো উদ্বোধন আয়োগৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হৈ ৰব। প্ৰতিষ্ঠাকালৰে পৰা ভঙাগড়ত এটা ভাৰাঘৰত আয়োগে কাম-কাজ চলাই আহিছিল। এই স্থায়ী ভৱনটোৰ আয়োগৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে ন্যায় প্ৰদানৰ দিশতো যথেষ্ট সহায়ক হৈ উঠিব। স্বাধীনতাৰ অমৃত কালত এই স্থায়ী ভৱনটোৰ নিৰ্মাণে আয়োগৰ কাম-কাজক নতুন গতি প্ৰদান কৰিব। জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ দিশত এই নতুন ভৱনটো মন্দিৰসদৃশ হৈ উঠিব।”

এই অনুষ্ঠানটিত অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ টি ভাইফেই, আয়োগৰ সদস্য দেৱ কুমাৰ শইকীয়া আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চায়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *