আজি আছুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Share
অৱসৰ প্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্রহন কৰিছিল ৰাজ্য চৰকাৰে। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণক লৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। উক্ত বৈঠকত অংশগ্ৰহণ কৰিব আছুৰ সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চর্জুন হান্সে আৰু মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচার্যই। আজি বিয়লি তিনি বজাত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হ’ব বুলি জানাব পৰা গৈছে। শেহতীয়া কেবিনেট বৈঠকত বিপ্লৱ শৰ্মা কমিটীৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা ২০২৫ চনৰ এপ্ৰিলৰ পূৰ্বে ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয়, “অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সন্থায়ো বিষয়সমূহৰ ফলাফল বিচাৰোঁ। বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে গ্ৰহন কৰা পদক্ষেপত আছুয়ে সহযোগিতা আগবঢ়াব। ফলাফল নোপোৱালৈকে আছু সান্ত নহয়।” উল্লেখ্য যে আছুৰ নেতৃত্বৰে হোৱা বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে বিয়লি ৪.৩০ বজাত লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *