ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ২৫ অক্টোবৰ তাৰিখে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ঘোষণা কৰে যে দিপাৱলীৰ উপহাৰ হিচাপে ৰাজ্যিক কৰ্মচাৰীসকলৰ অক্টোবৰ মাহৰ দৰমাহ ২৮ অক্টোবৰৰ পৰা প্ৰধান কৰা হব। সকলোৱে যাতে পোহৰৰ উ९সৱ দিপাৱলী আনন্দ- উল্লাসেৰে পালন কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
৩১ অক্টোবৰত পোহৰৰ উ९সৱ দিপাৱলী। ইতিমধ্যে কালী পূজা আৰু দিপাৱলীক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হৈছে উ९সৱমুখৰ পৰিৱেশৰ। আনহাতে ৰাজ্যিক কৰ্মচাৰী সকলৰ মৰগীয়া বাচন দিপাৱলীৰ পূৰ্বে ৩ শতাংশ বৃদ্ধি পাব বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে সদৰী কৰিছিল। সেইদৰে মাতৃ-পিতৃক সময় দিয়াৰ বাবে ৰাজ্যিক কৰ্মচাৰী সকলে নৱেম্বৰ মাহত লাভ কৰিব এক বিশেষ ছুটী। ২০২১ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা এই বিশেষ ছুটীৰ ব্যৱস্থা এইবছৰো কৰিছে ৰাজ্য চৰকাৰে