২ এপ্ৰিলত গুৱাহাটীৰ সোণাৰাম খেলপথাৰত অনুস্থিত হোৱা আম আদমি পাৰ্টিৰ এক জনসভাত অংশগ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উক্ত সভাখনত উপস্থিত হৈ আপ নেতা অৰবিন্দ কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে।
উল্লেখযোগ্য যে, অৰবিন্দ কেজৰিৱাল অসমলৈ অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই তেওঁক ধমকি প্ৰদান কৰিছিলে । আৰু সেই উদ্দেশ্য়ি অসমৰ অতিথিপৰায়ণ স্বভাৱৰ কথা উল্লেখ কৰি কেজৰিৱালে কয় ”অসমৰ মানুহ অতিথিপৰায়ণ, অতিথিক নিমন্ত্ৰণ কৰে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাজানে অসমৰ সংস্কৃতি ৷” কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰীক সংস্কৃতি শিকিবলৈ পৰামৰ্শ দিয়ে। লগতে দিল্লীৰ উন্নয়ণৰ কথা উল্লেখ কৰি দিল্লীলৈ আহিবলৈ নিমন্ত্ৰণ জনাই অসমৰ মুখ্যমন্ত্ৰীক।
সমান্তৰলভাৱে কেজৰিৱালে ভাষণত উল্লেখ কৰে যে অসমত কংগ্ৰেছ-অগপ-বিজেপি চৰকাৰক ৰাজ্যত আধিপত্য বিস্তাৰ কৰিবলৈ, উন্নয়ন কৰিবলৈ অসমৰ ৰাইজে সুবিধা দিছে ৷ কিন্তু এই ৰাজনৈতিক দলে অসমৰ উন্নয়নত হেমাহি কৰি অসমৰ জনতাক বিশ্বাসঘাতকতা কৰা বুলি সভাত প্ৰকাশ কৰে কেজৰিৱালে।