ৰাকেশ পালক অজগৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Share

দেওবাৰে নিজৰ ভাষনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে APSCত চলা বহু কেলেংকাৰীৰ কথা ফাদিল কৰে। APSCৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক অজগৰ আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।২০১৪ চনৰ আগলৈকে চাকৰিৰ নামত এই অজগৰৰূপী ৰাকেশ পালে লাখ লাখ টকা গিলি আত্মসাত কৰিছিল বুলি মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীৰ।৫০হাজাৰ ১লাখত চাকৰি দিছিল একাংশ কেলেদকাৰীয়ে।যোগ্য জনক চাকৰিৰ পৰা বঞ্চিত কৰি টকা দিব পৰা এহালকহে চাকৰি প্ৰদান কৰা হৈছিল কংগ্ৰছৰ দিনত ।ৰাকেশ পালক শিখণ্ডী কৰি একাংশ মন্ত্ৰী-বিধায়কে নিজৰ অযোগ্য আত্মীয়ক চাকৰি দিছিল।কিন্তু এতিয়া সেই ৰাকেশ পালৰ লগতে আন কেইবাজনো কেলেংকাৰীক কাৰাগাৰত বন্দী কৰি থোৱা হৈছে।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় বিজেপি চৰকাৰৰ কালত হোৱা APSC পৰীক্ষাসমূহ সম্পূৰ্ণ নিকা আৰু স্বচ্ছ আছিল।যাৰ প্ৰমান কিছুদিন আগত ঘোষনা হোৱা APSCৰ ফলাফলত পৰিলক্ষিত হয়।কিয়নো এতিয়া দুখীয়া ঘৰৰ তামোল-পাণৰ দোকান দিয়া লৰাইও  চাকৰি পায় ।যাৰ স্পষ্ট উদাহৰণ ৰুবু বৰা ।ৰুবু বৰাৰ দৰে আন বহু ছাত্ৰ-ছাত্ৰী আছে।যিয়ে কষ্ট আৰু কেৱল মেধাৰ ভিত্তিত এতিয়া চাকৰি পায়।সেযেহে এতিয়া দুখীয়া লোকেও সপোন চায়।APSCৰ ফলাফলৰ পিছত এই সম্পূৰ্ণ পৰীক্ষাসমূহ নিকা আৰু স্বচ্ছ ভাৱে অনুষ্ঠিত কৰা বাবে চৰকাৰক ধন্যবাদ জনাই ৰুবু বৰাই।পিছলৈ এই পৰীক্ষাসমূহ এনেদৰেই নিকাভাৱে চলাই নিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *