ভ্ৰাম্যমাণ ৰক্তদান বাহনৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ

Share

বিশেষ বাৰ্তা:ৰাজ্যৰ স্বেচ্ছামূলক ৰক্তদান অভিযান অধিক তীব্ৰ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিশপুৰস্থিত জনতা ভৱনৰ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত ৫খন ভ্ৰাম্ৰমাণ ৰক্তদান বাহনৰ ফ্লেগ অফ কৰে।এই পুঁজিৰ ২.২৭ কোটি টকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,২.০৭ কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াইছে।নতুনকৈ ক্ৰয় কৰা এই বাহন কেইখন বি টি এ ডিৰ কোকৰাঝাৰ চিকি९সা মহাবিদ্যালয় হাস্পতাল,কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী চিকি९সা মহাবিদ্যালয় হাস্পতাল,কাছাৰ জিলাৰ এছ এম দেৱ অসামৰিক চিকি९সালয়,দৰং জিলাৰ মঙলদৈ, অসামৰিক চিকি९সালয় আৰু শিৱসাগৰ জিলাৰ শিৱসাগৰ অসামৰিক চিকি९সালয়ত ৰখা হ’ব ।এই বাহনৰ মূল উদ্দেশ্য ৰাজ্যৰ দূৰ-দূৰণিৰ অঞ্চললৈ গৈ স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা যাতে দূৰ্গম অঞ্চলৰ ৰাইজে ৰক্তদান কৰিব পাৰে।লগতে ৰাজ্যখনৰ ১০০শতাংশ স্বেচ্ছামূলক ৰক্তদানৰৱ লক্ষ্যত  উপনীত হব পাৰে।ইয়াৰোপৰি আৰু ৫খন ভ্ৰাম্ৰমাণ ৰক্তদান বাহন ক্ৰয় কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত,জয়ন্ত মল্লবৰুৱা,স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী,স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মা,আয়ুষৰ সঞ্চালক ইন্দ্ৰানুসী দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *