দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন পদক্ষেপ ! গুৱাহাটী পৌৰ নিগমত বৃহৎ কেলেংকাৰীৰ অভিযাগত দায়িত্বৰ পৰা অপসাৰণ কৰিলে কাৰ্যবাহী অভিযন্তাক

Share

লক্ষ্য দুৰ্নীতিমুক্ত অসম গঢ়াৰ ! ৰাজ্যত সঘনাই হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কঠোৰ পদক্ষেপ তথা ততপৰ হোৱাৰ সময়তে গুৱাহাটী পৌৰ নিগমত জাবৰ নিষ্কাশনৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী । এই বৃহৎ কেলেংকাৰীৰ পৰিমাণ হৈছে প্ৰায় ২ কোটি ২১ লাখ ৬১ হাজাৰ টকা । নিগমৰ তদন্ততে  পোহৰলৈ আহিছে এই ভয়ংকৰ কেলেংকাৰীৰ তথ্য । তথ্য অনুসৰি , নিগমৰ স্বচ্ছতা বিভাগৰ কাৰ্যবাহী অভিযন্তা আচিফ আহমেদৰ নেতৃত্বতে এনে বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উথাপিত হৈছে ।

ইতিমধ্যে, এই  তথ্য স্পষ্ট হৈ পৰিছে নিগমৰ তদন্তত । গুৱাহাটী মহানগৰীৰ নমা-নদৰ্মাৰ আবৰ্জনা নিষ্কাশনৰ দায়িত্বত আছিল কাৰ্যবাহী অভিযন্তা আচিফ আহমেদ । উন্নেখ্য যে , আহমেদে জাবৰৰ ওজনৰ বাবদ কোম্পানীটোৱে লাভ কৰিবলগীয়া ধনৰ বিলসমূহ ‘ভেৰিফাই’ কৰি  প্ৰেৰণ কৰিছিল মূল কাৰ্যালয়লৈ । উক্ত বিলসমূহৰ দ্বাৰা ২ কোটিৰো অধিক ধন উলিয়াই আত্মসাৎ কৰাৰ অভিযোগ উথাপিত হৈছিল আচিফ আহমেদৰ বিৰুদ্ধে । ইতিমধ্যে , এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ  কৰে এক প্ৰতিবেদন । উক্ত প্ৰতিবেদনৰ ভিত্তিতে তৎপৰ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । নিগমৰ এই কেলেংকাৰীৰ ওপৰত উদ্ধিগ্নতা প্ৰকাশ কৰি মন্ত্ৰী অশোক সিংঘালক অভিযুক্ত কাৰ্যবাহী অভিযন্তাগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে নিজ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে অভিযুক্ত আচিফ আহমেদক । পূৰ্বতে কেইবাটাও কেলেংকাৰীত অভিযুক্ত হৈছিল এইগৰাকী অভিযন্তা ।

Leave a Reply

Your email address will not be published. Required fields are marked *