মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে

Share

গুৱাহাটী, ৯ জুলাইঃ শুক্ৰবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ জনে দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয়।

এই বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ৰাজ্যৰ আন কেইবাটাও সমস্যাৰ সন্দৰ্ভত আলোচনা৷ অসমৰ বান পৰিস্থিতিক ‘জটিল’ বুলি ঘোষণা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে বানৰ ফলত ৰাজ্যখনত হোৱা ক্ষতিগ্ৰস্ত সন্দৰ্ভত ৰাজ্য চৰকাৰে অনাগত দিনত কেন্দ্ৰৰ ওচৰত বিস্তৃত প্ৰতিবেদন দাখিল কৰে৷ আৰু সেই অনুসৰি কেন্দ্ৰই ধন প্ৰদান কৰিব আনহাতে ছমাহৰ ভিতৰত ৰাজ্য চৰকাৰ খনে আন বানত ভগা মঠাউৰি আদি মেৰামতি কৰিবলৈ সক্ষম হব বুলি উল্লেখ কৰিছে ৷

ৰাজ্য চৰকাৰে SDRFৰ শিতানৰ পৰা  ৩২৭ কোটি বান সাহায্য লাভ কৰে। NDRF শিতানৰ পৰাও সাহায্য মুকলি কৰি দিয়াৰ আহ্বান মুখ্যমন্ত্রী শৰ্মাৰ।

তদুপৰি ৩০ৰ পৰা ৫০ হাজাৰ লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে লগতে আগষ্টৰ ভিতৰত SDRFৰ টকাৰে সাহায্য দি SDRFৰ একাউণ্ট শূন্য হ’লে NDRFৰ পৰা টকা লাভ কৰিব বুলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *