মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ “ফুট অভাৰ ব্ৰীজ”

Share

সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ “ফুট অভাৰ ব্ৰীজ” খন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানত উপষ্ঠিত থাকে শিক্ষা মন্ত্ৰী ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, সঞ্জয় কিষাণ, অশোক সিংঘালয়, বিধায়ক তৰংগ গগৈ, প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষ আৰু ছাত্ৰ সমাজ ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে দীৰ্ঘ দিন ধৰি দাবী কৰি আহিছিল এই Foot over bridge খনৰ ৷ ছাত্ৰ-ছাত্ৰীৰ দাবীৰ প্ৰতি সন্মান জনাই ২০২০-২১ বৰ্ষৰ আঁচনিৰ অধীনত ১১ কোটি টকাৰে এই Foot over bridge নিৰ্মান কৰা হৈছিল ৷ প্ৰায় ডেৰ বছৰ ধৰি নিৰ্মান কৰি থকা “ফুট অভাৰ ব্ৰীজ”খনৰ উদ্বোধনীয়ে ছাত্ৰ-ছাত্ৰী সকলে দীৰ্ঘ দিন ধৰি বিপদ সংকোল অৱস্থাত ৩৭ নং ৰাষ্টীয় ঘাই পথ পাৰ হোৱাৰ এক সমস্যা সমাধান হয় ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে এই দিনটো এক স্মৰণীয় দিন ৷ কিয়নো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দীৰ্ঘদিনিয়া এটা সমস্যা সমাধান কৰিলে মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ 

 

Leave a Reply

Your email address will not be published. Required fields are marked *