সোণাপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Share

আজি সোণাপুৰত উপস্থিত মুখ্যমন্ত্ৰী০ হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত হৈ হস্পিটেলিটি  স্কিল ডেভলোপমেন্ট চেন্টাৰ অব্ এক্সলেনছৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীক সদৰৰে আদৰণি জনালে হস্পিটেলিটি স্কিল ডেভলোপমেন্ট চেন্টাৰ অব্ এক্সলেনছৰ কৰ্তৃপক্ষই ৷ চেন্টাৰটো মুকলি কৰাৰ পিছতে এখন সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে-সোণাপুৰৰ তেতেলীয়াত যি হস্পিটেলিটি স্কিল ডেভলোপমেন্ট চেন্টাৰ অব্ এক্সলেনছ নিৰ্মাণ কৰা ই এটা যথৌ প্ৰচেষ্টা ৷ ইয়াত সংযুক্ত হৈ থকা বিভাগ কেইটা হল- অসম চৰকাৰৰ পৰ্যটন উদ্যয়ন নিগম,উন্নয়ন নিগম,কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰালয়, ইণ্ডিয়ান হোটেল কপোৰেচন লিমিটেড, টাচ্ গ্ৰুপ আৰু টাটাস্কাই গ্ৰুপ ৷ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় , ইয়াত আৰম্ভ কৰা ফলস্বৰুপে অসমৰ কেইবাগৰাকীও যুৱক যুৱতীয়ে ভাৰতৰ বিভিন্ন হোটেল ইনডাষ্টিত কাম কৰাৰ বাবে সুযোগ পাইছে ৷ এই প্ৰতিষ্ঠানৰ ১৯০ ছাত্ৰ- ছাত্ৰীৰ ভিতৰত ১৫০ গৰাকীয়ে কৰ্ম সংস্থাপন পোৱাটো এটা আনন্দৰ বিষয় ৷ এই বৃহ সফলতাৰ বাবে এই প্ৰতিষ্ঠানৰ লগত জড়িত কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ লগতে চিংগাপুৰৰ এমবিচিৰ লগত কাম কৰি থকাৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ লক্ষ্য অসমৰ যিবোৰ নাৰ্ছিং স্কুল আছে তাত ইংৰাজীৰ ভাষাটো উন্নত কৰা আৰু কম্পিটাৰৰ জ্ঞান বঢ়োৱা৷ ইয়াৰ লগতে বহুমুলীয়া ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰীয়ে ৷ আজিৰ এই সভাত উপস্থিত থাকে পৰ্যটন আৰু উদ্যমিতা বিভাগৰ মন্ৰী জয়ন্ত মল্ল বৰুৱা, কাৰ্বিআংলংৰ স্বায়িত্ত শাসিত পৰিষদৰ মুখ্য কৰ্যবাহী সদস্য তুলিৰাম ৰংহাংকেই ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *