ৰাজ্যখনৰ ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন।ইয়াৰোপৰিও ৰাজ্যখনৰ সৈতে অসমৰ সাংস্কৃতিক বিনিময়ৰ সন্দৰ্ভতো পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যপালগৰাকীয়ে।উল্লেখযোগ্য যে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পিছতেই অসমৰ সৈতে ৰাজ্যখনৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।ছত্তীশগড় আৰু অসমৰ এটা সু-সম্পৰ্ক ব্ৰিটিছৰ দিনৰ পৰাই আছে বুলি মন্তব্য কৰে আৰু লগতে তেওঁ কয়, “কিছুদিন পূৰ্বে অসম ছাত্ৰ সন্মিলনৰ এখন সভাত অসম আৰু ছত্তীশগড়ৰ যি ঐতিহাসিক সংস্কৃতি সেয়া ৰক্ষা কৰিবলৈ মই ৰাজভৱনৰ ফালৰ পৰা ২ লাখ টকা দিছিলো।ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত সংৰক্ষণ হ‘ব আসন।ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত ২ কোটি টকা ধাৰ্য্য কৰা হৈছে।ছত্তীশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ গৱেষণা কৰিব পাৰিব শিক্ষাৰ্থীয়ে।লগতে ৰাজ্যপালগৰাকীয়ে কয়, ৫০ বছৰ পূৰ্বে যেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী পাঞ্জাৱৰ ৰাজ্যপাল হৈ থাকোতেই পাঞ্জাৱৰ বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰিছিল আৰু আজি প্ৰায় ৫০ বছৰ পাছত ছত্তীশগড়ৰ এখন বিশ্ববিদ্যালয়ে যেতিয়া নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰিব তেতিয়া এনে এখন আসন প্ৰতিষ্ঠা কৰা হ‘ব।এনে এটা পদক্ষেপৰ বাবে তেওঁ নিজেই আজি এগৰাকী অসমসন্তান হিচাপে গৌৰৱবোধ কৰিছো বুলিও কয় সংবাদমেলত।আনহাতে গুৱাহাটী উজান বজাৰৰ মহিলা ভাওনা দলক ছত্তীশগড়ত ভাওনা প্ৰদৰ্শন কৰিবলৈ নিয়া হ‘ব বুলিও ৰাজ্যপাল ডেকাই ঘোষণা কৰে।তেওঁ কয়,যে শনিবাৰে কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এখন সভাত মই উজান বজাৰৰ যি মহিলা ভাওনা দল আছে, সেই দলটোক মই ছত্তীশগড়ত ভাওনা প্ৰদৰ্শনৰ বাবে লৈ যাম বুলি কৈছিলো।ছত্তীশগড়ত অসমৰ ভাওনা প্ৰদৰ্শিত হ’ব। লগতে আমি ছত্তীশগড়ৰ সাংস্কৃতিক দল অসমলৈ আনিম।এই সন্দৰ্ভত ইতিমধ্যে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো৷তেতিয়া অসম আৰু ছত্তীশগড়ৰ মাজত একতা বৃদ্ধি পাব।অসমৰ কলা-কৃষ্টি ছত্তীশগড়ে আৰু ছত্তীশগড়ৰ কলা-কৃষ্টি অসমে দেখিব।এনে পদক্ষেপে দুয়োখন ৰাজ্যৰ মাজৰ একটাও সুদৃঢ় কৰিব বুলি তেওঁৰ বিশ্বাস।