আজিৰ পৰা আৰম্ভ হৈছে ছট পূজা

Share
নিউজ ডেস্ক, ছট পূজাৰ উৎসৱ এই বৰ্ষত কাতি মাহৰ শুক্ল পক্ষৰ চতুৰ্থ তিথি অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে। কাতি মাহৰ শুক্ল ষষ্ঠী তিথিত ছট পূজা উদযাপন কৰা হয় বাবেই এই উৎসৱটোক সূৰ্য ষষ্ঠী বুলি কোৱা হয়। ছট উৎসৱ মুখ্যতঃ বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত অতি উলহ–মালহ আৰু আনন্দেৰে উদযাপন কৰা হয়। বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বিশেষকৈ এই উৎসৱ পালন কৰে।
ছট পূজাত ছঠী মাতৃ আৰু সূৰ্য দেৱতাক উপাসনা কৰা হয়। এই পূজাত উদীয়মান আৰু অস্ত যোৱা সূৰ্যক অৰ্ঘ্য আগবঢ়োৱা হয়। মহিলাসকলে তেওঁলোকৰ সন্তানৰ দীৰ্ঘায়ু আৰু সুখী জীৱনৰ বাবে সূৰ্য দেৱতা আৰু ছঠী মাতৃক উপাসনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *