গুৱাহাটী,১০ ছেপ্তেম্বৰ, নিউজ ডেস্কঃ ৰাণী এলিজাবেথৰ মৃত্যুৰ পাছতেই শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ব্ৰিটেইন। ৰাণী এলিজাবেথৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চাৰ্লছ হ’ব ব্ৰিটেইনৰ ৰজা। আজি আনুষ্ঠানিকভাৱে চাৰ্লছক ৰজা পতা হ’ব। এতিয়াৰে পৰা তেওঁক ৰজা চাৰ্লছ তৃতীয় হিচাপে জনা যাব।
উল্লেখ্য যে, বাকিংহাম পেলেছৰ এক বিবৃতিত ছেইণ্ট জেমছত পেলেছত আজি সমাৰোহত তেওঁক আনুষ্ঠানিকভাৱে ৰজা পতা হ’ব। উল্লেখ্য যে, ১১ ছেপ্তেম্বৰৰ দিনটো ৰাণী এলিজাবেথ দ্বিতীয়ৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে।