পুনৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব “চৰিত্ৰ পাঠ”

Share

এসময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত “চৰিত্ৰ পাঠ” শীৰ্ষক কিতাপ খন পুনৰ প্ৰৱৰ্ত্তন কৰা হ’ব- এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: শৰ্মাই। মুল্যবোধ শিক্ষাক গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড: শৰ্মা তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পৃথকে পৃথকে নিজৰ সামাজিক মাধ্যমত এই কথা ঘোষণা কৰি কয় যে; ২০২৪-২৫ বৰ্ষৰ পৰা তৃতীয় তথা ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত পুনৰ প্ৰচলন হ’ব “চৰিত্ৰ পাঠ”। সাম্প্ৰতিক কালত সমাজত চলি থকা চুড়ান্ত বিশৃংখলা, অনিয়ম আদিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমযোগে এচামে “চৰিত্ৰ পাঠ”ৰ পুনৰ প্ৰৱৰ্ত্তনৰ বাবে দাবী কৰি আহিছিল। তেনে সময়ত ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত যথেষ্ট আদৰণীয় আৰু সময় সাপেক্ষ বুলি সচেতন নাগৰিকে মন্তব্য কৰিছে।উল্লেখযোগ্য যে এই গ্ৰন্থখন লিখি উলিয়াইছিল কোকৰাঝাৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমণীকান্ত শৰ্মাই তথা প্ৰকাশ কৰিছিল অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডে। এখন নিকা আৰু মুল্যবোধ যুক্ত সমাজ গঢ়াত এই কিতাপখনে এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *