বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দিশে চৰাইদেউ মৈদাম

Share

অসমৰ বাবে এটা সু-খবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি লাভৰ দিশত আৰু এখোজ চৰাইদেউ মৈদাম। ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবৰ বাবে ইউনেস্ক’ৰ প্ৰযোজনীয় কাৰিকৰী যোগ্যতা লাভ কৰিছে চৰাইদেউ মৈডামে। ইতিমধ্যে এই সন্দৰ্ভত ইউনেস্ক’ই অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। শুক্ৰবাৰে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ”অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন পৰ্বত চৰাইদেউ মৈদাম স্থান লাভ কৰাৰ ক্ষেত্ৰত ইউনেস্ক’ সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী  সময়ত এই মনোনয় পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব।

এই পুনৰীক্ষণ প্ৰক্ৰিয়ালৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ আপুৰুগীয়া ঐতিহ্যৰ মনো ইউনেস্ক ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ প্ৰেৰণত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো”।

Leave a Reply

Your email address will not be published. Required fields are marked *