বিশ্ব ইতিহাস গঢ়িব চন্দ্ৰযান-৩য়ে

Share

চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ অৱতৰণৰ দৃশ্য চাবলৈ সাজু বিশ্ববাসী।আজি ইতিহাস ৰচিব চন্দ্ৰযান-৩ য়ে।ইতিমধ্যে ইছৰোৱে চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ গৈ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত উপনীত হৈছে।আজি সন্ধিয়ালৈ চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠভুমিত অৱতৰণ হ’ব চন্দ্ৰযান-৩।বৰ্তমান সমগ্ৰ বিশ্বজুৰি চৰ্চা অব্যাহত আছে চন্দ্ৰযান-৩ৰ।ভাৰতীয় গৱেষণা সংস্থাই জনোৱা মতে চন্দ্ৰপৃষ্ঠত আজি সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰযান-৩ অৱতৰণ হ’বলৈ গৈ আছে।চন্দ্ৰযান-৩ৰ ওপৰত বিশ্ববাসীয়ে দৃষ্টি অব্যাহত ৰাখিছে।বিশ্ববাসীয়ে আজিৰ এই মহাজাগতিক ক্ষণৰ সাক্ষী হ’বলৈ বহু উ९কন্ঠাৰে অপেক্ষা কৰিছে।সম্ভৱত চন্দ্ৰপৃষ্ঠৰ ৩০ কি.মি. দূৰত্বৰ পৰাই ৰোভাৰ প্ৰজ্ঞানৰ সৈতে অৱতৰণ কৰাৰ চেষ্টা কৰিব লেণ্ডাৰ বিক্ৰমে।ইফালে ৰোভাৰ প্ৰজ্ঞানক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দৃশ্য ইছৰোৱে লাইভ ষ্ট্ৰিমিং কৰিব।এই বিৰল মহাজাগতিক ক্ষণৰ সাক্ষী হ’বলৈ মুখ্যমন্ত্ৰীয়ে অসমৰ সকলো শিক্ষানুষ্ঠান সন্ধিয়া ৬ বজালৈ খোলাৰ নিৰ্দেশ দিছে।যাতে ছাত্ৰ-ছাত্ৰীসকলে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ লগতে উপভোগ কৰিব পাৰে।ইতিমধ্যে কালি সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালক আই এ এচ ঔম প্ৰকাশৰ স্বাক্ষৰিত NO.SSA/ESST/GOVT.CORRESPONMDANCE/462/2023 নিৰ্দেশ মতে ৰাজ্যৰ বিদ্যালয়সমুহৰ চৌহদত চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিং লাইভ ষ্ট্ৰিমিং ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে।ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও সকলোৱে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ অৱতৰণ হোৱাৰ দৃশ্য চাবলৈ উ९কন্ঠাৰে ৰৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *