ভাৰতবাসীৰ বাবে গৌৰৱৰ ক্ষণ চন্দ্ৰজয়ৰ লক্ষ্যৰে মহাকাশলৈ উৰা মাৰিলে চন্দ্ৰযান-৩

Share

১৪ জুলাই ২০২৩ ভাৰতবাসীৰ বাবে ঐতিহাসিক দিন হিচাপে ইতিহাস পৃষ্ঠাতত চিহ্নিত হৈ ৰ’ব। শুকুৰবাৰে দিনৰ ২বাজি ৩৫ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাস্থিত সতীশ ধৱন স্পেছ চেন্টাৰৰ পৰা চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হয়। চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰিবলৈ ১ মাহতকৈ অধিক সময় লাগিব। লগতে ২৩- ২৪ আগষ্টত চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ৬১৪ কোটি টকাৰ বিনিময়ত নিৰ্মাণ কৰা চন্দ্ৰযান-৩ অভিযান ৫০ দিনৰ পিছত দক্ষিণ মেৰুত অৱতৰণ কৰিব। 

উল্লেখ্য যে, ইছৰোৱে এই অভিযান যদি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয় তেন্তে ভাৰতে এই সফলতা অৰ্জন কৰা মাত্ৰ তিনিখন ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ এক বিশেষ তালিকাত যোগদান কৰিব। এই চন্দ্ৰযান-৩ খনে পৃথিৱীৰ পৰা চন্দ্ৰলৈ প্ৰায় ৪ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব।

 ২০০৮ চনত ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযানৰ সময়ত কৰা আৱিষ্কাৰে বিশ্ববাসীক আচৰিত কৰি তুলিছিল। ১৪ জুলাইত চন্দ্ৰলৈ উৎক্ষেপণ কৰা ভাৰতৰ তৃতীয়খন চন্দ্ৰ অভিযান হ’ব। ইতিমধ্যে চন্দ্ৰযান-৩ প্ৰেৰণ কৰিবলৈ এলভিএম লঞ্চাৰ ব্যৱহাৰ কৰা হৈছে। ।যিয়ে মহাকাশযানখনক শক্তি প্ৰদান কৰিব আৰু পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ ঠেলি দিব। ইয়াক পূৰ্বে জিএমএলভি এমকে- ৩ বুলি জনা গৈছিল। এই ৰকেটৰ সৈতে মহাকাশ সংস্থা ইছৰোৱে চন্দ্ৰযান-২ উৎক্ষেপণ কৰিছিল। ইয়াক ভাৰতীয় ৰকেটৰ ‘বাহুবলী ‘ বুলি কোৱা হয়। আনহাতে চন্দ্ৰযান- ৩ ৰ এখন লেণ্ডাৰ ‘বিক্ৰম’ আৰু এখন ৰোভাৰ  ‘ ‘প্ৰজ্ঞান’ নামেৰে অভিহিত কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *