বিফলতাই হৈছে সফলতাৰ বীজমন্ত্ৰ। মন কৰিলেই চন বুলিও কথা এষাৰ আছে। বিফলতাৰ ভেটিতে সাৰ পায় সফলতাৰ সপোন। এদিন চন্দ্ৰযান-২ ৰ অভিযান বিফল হৈছিল। ২০১৯ চনৰ চন্দ্ৰযান-২ অৱতৰণ কৰাত বিফল হৈছিল। তেতিয়া এই অভিযানৰ মুখ্য নিৰ্দেশক কে.শিৱানৰ চকুত দেখা গৈছিল চকুপানী। সেইদিনা সমগ্ৰ দেশেই উচুপি উঠিছিল।
আৰু সেইদিনাই ভাৰতে সংকল্প মনত বান্ধিছিল বিফলতাৰ ডাৱৰ আতৰাই চন্দ্ৰ অভিযানত সফল হ’ব। এতিয়া চন্দ্ৰযান-৩ ৰ সফলতাই বিফলতাৰ সকলো কথাই পাহৰাই দিলে। সোমবাৰে চন্দ্ৰযান-৩ ৰ সফলতাই প্ৰমাণ কৰিলে যে ইচ্ছাশক্তি যদি প্ৰসৰ হয় তেতিয়া কোনো বাধাই একো কৰিব নোৱাৰে।
চন্দ্ৰযান-৩ৰ চন্দ্ৰত চন্দ্ৰত চফ্ট লেণ্ডিং প্ৰচেষ্টাৰ দুদিন পূৰ্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো প্ৰাক্তন সঞ্চালক কে.শিৱানে দেওবাৰে চন্দ্ৰযান-২ৰ অভিযানৰ পাঠৰ কথা শ্বেয়াৰ কৰিছিল। চন্দ্ৰযান-২ত মাত্ৰ ২.১ কিলোমিটাৰ ওপৰত যোগাযোগ হেৰুৱাইছিল যাৰ ফলত চন্দ্ৰযান-২ সফল হোৱা নাছিল। আৰু তাৰপাছতে সোমবাৰে চন্দ্ৰযান-৩ যে দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম অভিযান। ইয়াৰ উপৰিওঁ ভাৰতক চফ্ট লেণ্ডিংয়ে চতুৰ্থ দেশ হিচাপে গঢ়ি তুলিলে।