চীন ভ্ৰমণ বাতিল কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে

Share
গুৱাহাটী,২২ ছেপ্টেম্বৰ:  চীনৰ হাংঝুত চলি থকা এছিয়ান গেমছত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ কথা আছিল অনুৰাগ ঠাকুৰৰ । চীনা কৰ্তৃপক্ষই অৰুণাচল প্ৰদেশৰ একাংশ খেলুৱৈক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ লগতে ভাৰতীয় বুলি স্বীকৃতি প্ৰদান কৰাৰ পৰা বিৰত থকা বুলি অভিযোগ উত্থাপন হৈছিল । ইয়াকে লৈ অসন্তুষ্ট হৈ নিজৰ ভ্ৰমণ বাতিল কৰিলে অনুৰাগ ঠাকুৰে।
শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে,”চীনা কৰ্তৃপক্ষই লক্ষ্য আৰু পূৰ্ব পৰিকল্পিতভাৱে অৰুণাচল প্ৰদেশৰ ক্ৰীড়াবিদসকলৰ একাংশক স্বীকৃতি প্ৰদান কৰাৰ পৰা বঞ্চিত থাকি ১৯ সংখ্যক এছিয়ান গেমছত বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।” 
মন্ত্ৰালয়ে লগতে কয় যে, “অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য । পূৰ্বতেও অবিচ্ছেদ্য অংগ আছিল, আছে আৰু সদায় থাকিব।চীনে আমাৰ একাংশ ক্ৰীড়াবিদক ইচ্ছাকৃতভাৱে বাধা দিয়াৰ বিৰুদ্ধে নতুন দিল্লী আৰু বেইজিঙত তীব্ৰ প্ৰতিবাদ কৰা হৈছে। চীনৰ এই কাৰ্য্যই এছিয়ান গেমছৰ নিয়ম উলংঘা কৰিছে, য’ত সদস্য ৰাষ্ট্ৰৰ প্ৰতিযোগীৰ বিৰুদ্ধে বৈষম্য কৰাটো স্পষ্টভাৱে নিষিদ্ধ কৰা হৈছিল।এই কাৰ্যৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদৰ চিন স্বৰূপে ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীয়ে এছিয়ান গেমছৰ বাবে চীন ভ্ৰমণ বাতিল কৰিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *