ভয়াৱহভাৱে বানৰ কৱলত পৰিছে ৰাজ্য। চৌদিশে কেৱল পানী আৰু পানী। দিশহাৰা হৈ পৰিছে বানৰ কৱলত পৰা ৰাজ্যৰ লাখ লাখ লোক। প্ৰত্যেক বছৰে বানে প্ৰলয়ৰ সৃষ্টি কৰি ৰাজ্যবাসীক জুৰুলা কৰাৰ লগতে ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰি অহাটো নতুন কথা নহয় শেহতীয়াকৈ পোহৰলৈ আহিছে অসম তথা উত্তৰ- পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়া বিজেপিৰ অসম প্ৰেমৰ প্ৰকৃত স্বৰূপ। যি সময়ত ভয়াৱহ বানপানীয়ে অসমৰ লাখ লাখ লোকক সৰ্বস্বান্ত কৰিছে ৰাজ্যখনৰ বাট-পথ তথা আন্তঃগাঠনি ভাঙি চুৰমাৰ কৰিছে সেই সময়ত বিজেপি নেতৃত্ৱাধীন কেন্দ্ৰৰ এন ডি এ চৰকাৰে বান সাহাৰ্য্য়ৰ নামত চৰম বঞ্চনা কৰিছে অসমক।
বিধানসভাত দিয়া তথ্য মতে, বিগত পাঁচটা বছৰত বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ হিচাপে অসম চৰকাৰে ক্ষতিপূৰণ হিচাপে কেন্দ্ৰৰ পৰা ১০,৭৮৫.৩৮ কোটি টকা বিচাৰিছিল । কিন্তু ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদী চৰকাৰে অসমক মোকলাই দিয়ে মাত্র ২৫০.৩১ কোটি টকা । ইয়াৰ পৰা স্পষ্ট হৈছে বিজেপি চৰকাৰৰ অসমৰ প্ৰতি থকা সদিচ্চাৰ বাস্তৱ ছৱিখন।