ডিব্ৰুগড়স্থিত বিশেষ আদালতৰ পৰা অনুমতি লাভ কৰাৰ পিছতে চি বি আইৰ দলে ২৫ অক্টোবৰত নিশা বিশাল ফুকন, চুমী বৰা, তাৰ্কিক বৰাসহ ৮ অভিযুক্তক নিজ জিম্মাত লৈ আনিলে গুৱাহাটীলৈ । এই ৮ অভিযুক্ত ক্ৰমে চুমী বৰা, তাৰ্কিক বৰা, বিশাল ফুকন, ৰঞ্জিত কাকতি, অম্লান বৰা, অভিজিৎ চন্দ, শোভনজ্যোতি কুৰ্মী আৰু চন্দন নাথ । এই আটাইকেইজনক অভিযুক্তক নিশাটো কেন্দ্ৰীয় কাৰাগাৰতেই ৰখা হ’ল । আজি চি বি আয়ে জেৰা চলাব ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত আটাইকেইজন অভিযুক্তক । অহা 30 অক্টোবৰত চি বি আইৰ বিশেষ আদালতত বিশাল, চুমী, তাৰ্কিকক হাজিৰ কৰোৱাৰ সম্ভাৱনা চুমী বৰাসহ ৮ অভিযুক্তক । উল্লেখ্য যে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনাই ইতিমধ্যে ৰাজ্য জোঁকাৰি গৈছে ।অনলাইন ট্ৰেডিং কেলেংকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰৰ বাবে তদন্ত আৰম্ভ কৰিছে চি বি আয় দলে ।যোৱা ১৮ অক্টোবৰৰ পৰা ডিব্ৰুগড়ত আৰক্ষীচকীত কাৰাৰূদ্ধ থকা বিশাল,চুমীক শুক্ৰবাৰে নিশা গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰাগাৰত ।বৰ্তমান অসমত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনাটো এতিয়া এক অন্য়তম গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে । ইতিমধ্য়ে অসমআৰক্ষীয়ে ডিব্ৰুগড় লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে । অনলাইন ট্ৰেডিংৰ মাধ্যমেৰে ঠগি যোৱা লোকৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰাত , ৰাজ্য় চৰকাৰে সেয়া বন্ধ কৰাৰ উদ্দেশ্য়ে সকলো গোচৰI চি বি আইলৈ হস্তান্তৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।