কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ, আৰ্থিকভাবে দুৰ্বল ব্যৱসায়ী সকলক সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে

Share

ডিজিটেল ডেস্কঃ মোডী  চৰকাৰৰ বৃহৎ ঘোষণা। পদপথৰ দোকানীক ব্যৱসায় কৰিবলৈ মোডী চৰকাৰে দিব এক বিশেষ সুবিধা। প্ৰধান মন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত পদপথৰ ব্যৱসায়ী সকলে পাব  ১০ হাজাৰ টকাকৈ ঋণ। লগতে, সময়মতে  সেই ঋণ চৰকাৰলৈ ঘূৰাই দিয়াৰ পিছতে পৰৱৰ্তী সময়ত পুনৰ ২০ হাজাৰ টকাৰ ঋণ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।

একেদৰে ২০ হাজাৰ টকাৰ ঋণ পৰিশোধ কৰাৰ পিছত চৰকাৰে পুনৰ ৫০ হাজাৰ টকাৰ ঋণ প্ৰদান কৰিব পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক। আবেদন কৰাৰ কিছু দিনৰ পিছতেই  প্ৰথমতে ১০ হাজাৰ টকাৰ ধন জমা হব ব্যৱসায়ী সকলৰ একাউন্টত। কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিয়ম অনুসৰি প্ৰতিমাহে কিস্তিৰ জৰিয়তে  পৰিশোধ কৰিব পাৰিব প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ লোণ।

Leave a Reply

Your email address will not be published. Required fields are marked *