বাহনৰ ফিটনেছ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত লোৱা হ’ল কিছু নতুন সিদ্ধান্ত

Share
গুৱাহাটী,১৫ ছেপ্টেম্বৰ :বাহনৰ ফিটনেছ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত লোৱা হ’ল কিছু নতুন সিদ্ধান্ত । কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা এই নতুন নিয়মাৱলী প্ৰযোজ্য হ’ব বাছকে আদি কৰি সকলো ধৰণৰ বাণিজ্যিক বাহনৰ ক্ষেত্ৰত। কিন্তু এই নতুন নিয়ম সমূহ প্ৰযোজ্য নহ’ব সৰু বাহনৰ ক্ষেত্ৰত । 
উল্লেখযোগ্য যে বাহন বিষয়ক এই নতুন নিয়মাৱলীৰ মতে ৮ বছৰ পুৰণি বাহনসমূহৰ ফিটনেচ প্ৰমানপত্ৰৰ বৈধতা হ’ব নূন্যতম দুবছৰ আনহাতে ৮ বছৰতকৈ অধিক পুৰণি বাহনসমূহৰৰ ফিটনেচ প্ৰমানপত্ৰৰ বৈধতা হ’ব এবছৰ । মনকৰিবলগীয়া যে এই বাহন সমূহে তেওঁলোকৰ ফিটনেচ প্ৰমানপত্ৰবোৰ প্ৰত্যেক বছৰে পুণৰীক্ষণ কৰিব লাগিব । 

Leave a Reply

Your email address will not be published. Required fields are marked *