নতুন ৰাজনৈতিক দল খোলাৰ পৰিকল্পনা কেপ্তেইন  অমৰিন্দৰ সিঙৰ

Share
লোনা সন্দিকৈ, ২২ অক্টোৱৰ ঃ  শেহতীয়াকৈ নতুন ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কেপ্তেইন অমৰিন্দৰ সিঙৰ । ২০২২ চনত অনুষ্ঠিত হব লগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিব দল।এই কথা ঘোষণা অমৰিন্দৰ সিঙৰ প্ৰেছ উপদেষ্টা ৰাভিন থুকৰালে। থুকৰালে লগতে কয় যে বিজেপিয়ে যদিহে কৃষক সকলৰ সৈতে মত বিনিময়ৰ তথা আলোচনাৰ মাধ্যমেৰে কৃষকৰ প্ৰতিবাদৰ মীমাংসা কৰে তেন্তে ২০২২ চন ৰ নিৰ্বাচন ত বিজেপিৰ সৈতে অমৰিন্দৰ সিঙে আসনৰ বুজাবুজিৰ প্ৰসংগতো পুনৰাই বিবেচনা কৰিব।
উল্লেখযোগ্য যে কেপ্তেইন অমৰিন্দৰ সিঙে পঞ্জাৱৰ মূখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছতে চৰ্চালৈ আহিছিল প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকী।পদত্যাগৰ পাছতে  বিজেপি অথবা আম আদমী পাৰ্টিত যোগদান কৰিব। কিন্তু সকলো চৰ্চাৰ ওৰ পেলাই অমৰিন্দৰ সিঙে কংগ্ৰেছৰ পৰা পদত্যাগৰ পাছতেই এই নতুন পদক্ষেপ গ্ৰহণ কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *