কানাডাক লৈ গৰম ভাৰত,এইবাৰ বিজেপিৰ কাষত থিয় দিলে কংগ্ৰেছে

Share
গুৱাহাটী,১৯ ছেপ্টেম্বৰ: কানাডাই ভাৰতীয় কূটনীতিবিদ এজনক খালিস্তানী উগ্ৰপন্থীৰ মৃত্যুত জড়িত থকাৰ বাবে বহিষ্কাৰ কৰে। তাৰ পিছতে ভাৰতেও প্ৰত্যুত্তৰ কানাডাৰ এগৰাকী কূটনীতিকক ভাৰত এৰাৰ নিৰ্দেশ দিছে। এই বিষয়ত এইবাৰ কংগ্ৰেছে মোডী চৰকাৰৰ কাষত থিয় দিলে।
খালিস্তানী উগ্ৰপন্থীৰ মৃত্যুৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ কাষত থিয় দি কংগ্ৰেছৰ মুখপাত্র জয়ৰাম ৰমেশে কয়, ‘ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় বিশ্বাস কৰি আহিছে যে আমাৰ দেশৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন আপোচবিহীন হ’ব লাগিব। বিশেষকৈ যেতিয়া সন্ত্রাসবাদে ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। আমাৰ দেশৰ স্বাৰ্থ আৰু চিন্তাক সদায় প্রথম স্থানত ৰাখিব লাগিব।’

Leave a Reply

Your email address will not be published. Required fields are marked *