২০২৪ ৰ লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটত AIUDF মুৰব্বী বদৰউদ্দিন আজমলক পৰাজিত কৰি এক ইতিহাস ৰচিছিল ৰকিবুল হুছেইনে। বদৰউদ্দিন আজমলে নিৰ্বাচনৰ আগতে নিজকে ‘বুঢ়া বাঘ’ আৰু ৰকিবুলক ‘তাজা ছাগলী’ বুলি অভিহিত কৰি নিৰ্বাচনত ৰকিবুলৰ হাতত শোচনীয়ভাৱে পৰাজিত হৈছিল। পৰাজয়ৰ পোটক তুলিবলৈ সাজু এইবাৰ আজমল। কাৰন সন্মুখত চামগুৰিৰ উপনিৰ্বাচন। পুৰনি চামগুৰি বিধানসভা সমষ্টিক লৈ হ’ব লগা উপনিৰ্বাচনত ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইনে প্ৰতিদ্বন্ধিতা কৰাটো প্ৰায় নিশ্চিত।বিজেপিয়ে আনুষ্ঠানিক বাবে ঘোষণা নকৰিলেওঁ বিজেপিৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈছে বিজেপিৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মাৰ নাম। সেয়ে এতিয়া চামগুৰিত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই চলাউইছে জোৰদাৰ প্ৰচাৰ অভিযান। এতিয়ালৈকে চামগুৰিত AIUDF ৰ কোনোধৰণৰ সাংগঠনিক কাৰ্যকলাপ পৰিলক্ষিত হোৱা নাই। কিন্তু দুৰ্গো९সৱৰ পূৰ্বেই চামগুৰিত AIUDF প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে।জানিব পৰা মতে, ৰকিবুল হুছেইনৰ পুত্ৰক পৰাজিত কৰি চামগুৰি সমষ্টিত AIUDF য়ে প্ৰাৰ্থী জয়ী কৰাবলৈ আপ্ৰান চেষ্ঠা চলাব। আগতে চামগুৰি সমষ্টিত AIUDF য়ে শক্তিশালী বাবে প্ৰতিদ্বন্ধিতা কৰা নাছিল।কিন্তু এইবাৰ ধুবুৰীৰ পৰাজয়ৰ পোটক তুলিবলৈ AIUDF য়ে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত।