জনতালৈ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Share

গুৱাহাটী,২৮ জানুৱাৰী:ৰাইজৰ সুবিধাৰ্থে এতিয়াৰ পৰা ৰাজপথত মন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়ত জনতাক ২ মিনিটৰ অধিক ৰখাব নোৱাৰিব বুলি সংবাদমেলত সদৰী কৰে কেশৱ মহন্তই৷বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰীৰ কনভয় সম্পৰ্কে মন্তব্য প্ৰকাশ কৰে।ইপিনে গুৱাহাটী মহানগৰীত মুখ্য মন্ত্ৰীৰ কনভয়ত ৬ খন গাড়ী থাকিব বুলি প্ৰকাশ কৰে কেশৱ মহন্তই ৷মন্ত্ৰী সকলৰ বাবে যাতায়তৰ ক্ষেত্ৰত যাতে সাধাৰণ লোকৰ কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেই কথা লক্ষ্য ৰাখিয়ে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি কেশৱ মহন্তই উল্লেখ কৰে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে নগাঁও জিলাত মুখ্য মন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়ত নগাঁও জিলা উপায়ুক্তই ৰাজহুৱা বাহন সমূহ দীৰ্ঘ সময় ৰখাই থোৱাৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে উপায়ুক্তক ককৰ্থনা কৰিছিল।উক্ত ঘটনাৰ পাছত ঘটনাটোৰ সপক্ষে আৰু বিপক্ষে বহুলোকে যুক্তি প্ৰদৰ্শন কৰিছিল।একাংশ লোকে মুখ্য মন্ত্ৰীৰ পদক্ষেপৰ শলাগ লোৱাৰ বিপৰীতে একাংশ লোকে নিৰ্দিষ্ট প্ৰট’কল বিষয়ে উল্লেখ কৰি জিলা উপায়ুক্ত গৰাকীক সমৰ্থন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *