গুৱাহাটী, ২৩ মাৰ্চ: দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নগাওঁ আৰু কাছাৰ কাগজকলৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে ৩৭৫ কৌটি টকাৰ দুটা কাগজকল ক্ৰয় কৰিব ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে৷লগতে কৰ্মচাৰী সকলক আদায় কৰা হব তিনি-চাৰিমাহৰ ভিতৰত বকেয়া দৰমহা৷
আনহাতে কাজিৰঙাৰক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত উল্লেখ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ কাজিৰঙাত সাতটা ই’ক ছেনজিটিভ জ’নৰ গঠনৰ সিদ্ধান্তৰ কথা সংবাদমেলযোগে প্ৰকাশ কৰে ৷ লগতে ১০ কিলোমিটাৰ আঁতৰে আঁতৰে স্থাপন কৰা হব ই’ক ছেনজিটিভ জন৷ ই’ক ছেনজিটিভ জন’ৰ অধীনত সাতখন সুৰক্ষিত স্থান ঘোষণা কৰা হয় আৰু ৯টা এনিমেল কৰিড’ৰ বেদখলমুক্ত কৰা হয় ৷ তাৰ লগতে ১১ টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত৷