ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদৰি কৰে কেবিনেটৰ সিদ্ধান্ত

Share

নিউজ ডেস্ক, ৯ আগষ্টঃ  ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক খন ।এই বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ দিশত সিদ্ধান্ত গ্ৰহণ কৰা হয় । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেলযোগে সদৰি কৰে কেবিনেটৰ সিদ্ধান্তসমূহ । সিদ্ধান্তসমূহ ক্ৰমে-

অসম মটৰ ভেহিকেল ২০০৩ ৰ সংশোধন কৰা হৈছে । এই সংশোধনীৰ অধীনত যিবোৰ গাড়ী জব্দ কৰা হব সেই গাড়ী ৯০ দিনৰ পিছত নিলাম কৰিব পাৰিব । পঞ্চায়ত আৰু এচিষ্টেন্ট বিডিঅ সকলে ১৩ বছৰত প্ৰমোচন পাব। তদুপৰি, মণিপুৰত মৃত্যু আৰু নিখোজ হোৱা পৰিয়াললৈ ২ লাখ টকা দিয়া হব আৰু আহত ৫জনক ২৫ হাজাৰকৈ দিয়া হব।  বানত ঘৰ-বাৰি বিনষ্ট হোৱা সকলক ১২৩ কোটি টকা ক্ষতিপূৰণ দিয়া হব । ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ আইনৰো সংশোধন কৰা হব । গ্ৰামাঞ্চল‌ত বাৰ থাকিব নোৱাৰিব, কেৱল ৱাইন শ্বপ থাকিব । লগতে, গ্ৰামাঞ্চল‌ত সুৰাৰ বিপণীৰ অন লাইঞ্চেচক অফ লাইঞ্চেচ কৰিব পাৰিব বুলি উল্লেখ কৰিছে । 

 

Leave a Reply

Your email address will not be published. Required fields are marked *