আজি জনতা ভৱনত জুলাই মাহৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় ।
উল্লেখ্যযোগ্য় যে, কেবিনেট বেঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিমল বৰাই সংবাদমেলৰ জৰিয়তে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
আনহাতে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই বছৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ পোৱা ছাত্ৰীক আৰু ৭৫শতাংশ পোৱা ছাত্ৰক স্কুটী দিয়া হ’ব।কিন্ত এই নিয়ম সলনি হ’ব অহা বছৰৰ পৰা।অহা বছৰ ৭৫ শতাংশ পোৱা ছাত্ৰ-ছাত্ৰীক স্কুটী দিব চৰকাৰে।
উল্লেখ্য় যে, এইবছৰৰ অসমৰ নৱম শ্ৰেণীৰ ৩ লাখ ৭৮ হাজাৰ ছাত্ৰ- ছাত্ৰীক চৰকাৰে দিব চাইকেল।লগতে অসম চৰকাৰে চাহ জনগোষ্ঠীয় অঞ্চলত নতুনকৈ যি মডেল স্কুল স্থাপন কৰিছে, তাত সা-সুবিধা বৃদ্ধি কৰিব আৰু ১১০০ শিক্ষক-শিক্ষয়ত্ৰীক চাহ জনগোষ্ঠীয় মডেল স্কুলত নিযুক্তি দিয়া হ’ব।