প্ৰধানমন্ত্ৰীৰ অসমভ্ৰমনৰ পূৰ্বে ৰাজ্যত বন্ধ হৈ পৰিল বাছসেৱা

Share
গুৱাহাটী, ২৭ এপ্ৰিলঃ কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। নৰেন্দ্ৰ মোডী অসমলৈ অহাক কেন্দ্ৰ কৰি বন্ধ হৈ পৰিছে ৰাজ্যৰ বাছসেৱা। মোডীসভালৈ জনতাক নিবৰ বাবে ৰাজ্যৰ প্ৰায় ৭ হাজাৰ বাছ অধিগ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ জনসভাক কেন্দ্ৰ কৰি বাছসেৱা বন্ধ হৈ যোৱাৰ পাছতেই হাৰাশাস্তিৰ সন্মুখীন হব লগীয়া হৈছে যাত্ৰীসকল। প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে বাছসমূহ অধিগ্ৰহণ কৰাৰ ফলত ৰাজ্যজুৰি যান-বাহনৰ অভাৱৰ বাবে সাধাৰণ জনতাই যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ডিব্ৰুগড় আৰু কাৰ্বিআংলঙত প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে। দুয়োখন সভাতে ৫ লাখকৈ লোক সমবেত কৰাৰ লক্ষ্যৰে বিজেপিৰ নেতা-কৰ্মীয়ে জনতাক ঘৰে ঘৰে গৈ সভালৈ আমন্ত্ৰন জনোৱা পৰিলক্ষিত হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *