আজিও শিলসাঁকো বিলত চলিছে বুল’ডজাৰ

Share

আজিও চলিছে শিলসাঁকো বিলত উচ্ছেদ অভিযান। আজি বৃহস্পতিবাৰে অৰ্থাৎ ২ মাৰ্চত সাতগাঁও অঞ্চলৰ ৪০ বিঘা মাটিত এই উচ্ছেদ চলিব। উল্লেখ্য যে, এতিয়ালৈ শিলসাঁকো বিলৰ পৰা ২৮৭ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে। জানিব পৰা মতে,এতিয়াও ৯০০ বিঘা ভূমিত  উচ্ছেদ হোৱা নাই।

উল্লেখ্য যে, শুক্ৰবাৰ অৰ্থাত্‍ ৩ মাৰ্চৰ পৰা ৰাজ্যত মেট্ৰিক পৰীক্ষা আৰম্ভ হ’ব। কিন্তু শিলসাঁকো অঞ্চলৰ পৰা বহু পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰিক্ষাত অৱতীৰ্ণ হব।সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা অৱিভাৱক সকলে ইয়াক লৈ চিন্তিত হৈ পৰিছে।এফালে উচ্ছেদ আনফালে মেট্ৰিক পৰীক্ষা।

সেই গতিকে শিলসাঁকোত উচ্ছেদ কৰিবলৈ অহা আৰক্ষীক বাধা প্ৰদান কৰে অঞ্চলটোৰ লোকসকলে। মেট্ৰিক পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ আগমুহূৰ্তত উচ্ছেদ চলাবলৈ বাধা প্ৰদান কৰিছে। শিক্ষা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত মেট্ৰিক পৰীক্ষাৰ প্ৰাকক্ষণত এনেদৰে উচ্ছেদ কাৰ্যই গৃহহীন কৰাত ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি শংকা নমাই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *