১০ মাৰ্চ ৰাতিপুৱা নৱ নিযুক্ত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ কৰা হয় ২০২৩ বৰ্ষৰ অসম বিধান সভাৰ বাজেট অধিৱেশন। অহা ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ সাধৰণ বাজেট।৯ তাৰিখে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হয়। উক্ত সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ যোগেদি বিৰোধী দলসমূহৰ পৰা সহযোগিতা বিচাৰে যাতে ১০ মাৰ্চত অনুষ্ঠিত হোৱা অধিৱেশনত ৰাজ্যপালে সুকলমে ভাষণ দিব পাৰে।
ইফালে বাজেট অধিৱেশনৰ বাবে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে পৃথকে পৃথকে প্ৰস্তুত কৰিছে ৰাজনীতিক ৰণকৌশল । আনফালে বাদ পৰি থকা নাই বিজেপিৰ লগতে আন আন ৰাজনৈতিক দলসমূহ। ইফালে ২০২৪ ৰ লোকসভা নিৰ্বাচন সমাগত, সকলো দলৰ কৰ্মকৰ্তা সকলে ৰণনীতি প্ৰস্তুত কৰি দলৰ প্ৰচাৰৰ বাবে নামি পৰিছে সমষ্টিয়ে সমষ্টিয়ে। পূৰ্বে বিজেপিৰ হাতত আছিল ৯টা লোকসভাৰ সমষ্টি। কিন্তু ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত১২টা সমষ্টি দখল কৰা লক্ষ্যৰে কঁকালত বান্ধিছে টঙালি।