ব্ৰিকছ সন্মিলন সামৰি শ্বদেশত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Share

 

দক্ষিণ  আফ্ৰিকাৰ  জোহান্সবাৰ্গত  অনুষ্ঠিত  ব্ৰিকছ  সন্মিলন  সামৰি  আৰু  গ্ৰীচ  ভ্ৰমণ  কৰি  আহি  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ  মোডীয়ে  স্বদেশৰ  মাটিত  ভৰি  থৈয়ে   বিমানবন্দৰৰ  পৰা  পোনেপোনে  বাংগালুৰুত  থকা  ইছৰো  টেলিমেট্ৰিক  ট্ৰেকিং  এণ্ড  কামাণ্ড  নেটৱৰ্কত  উপস্থিত  হয় । প্ৰধামন্ত্ৰীগৰাকী  ইছৰোৰ  কাৰ্যালয়ত  উপস্থিত  হোৱাত  ইছৰোৰ  মুৰব্বী  এছ  সোমনাথ  আৰু  অন্যান্য  বিজ্ঞানীসকলে  আই এছটিআৰএচিত  তেঁওক  আদৰণি  জনায়৷
“জয় জোৱান জয় কিষাণ,জয় বিজ্ঞান,জয় অনুসন্ধান,”বাক্যশাৰিৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছৰোৰ  বিজ্ঞানীসকলক  অভিনন্দন জনাই  আৰু  লগতে  কয়-‘কেৱল  ভাৰতীয়ই  নহয়, বিজ্ঞানত  বিশ্বাস  কৰা  বিশ্বৰ  প্ৰতিজন  লোকেই  ভাৰতৰ  সফলতাত  উ९সাহিত  হৈছে’৷

Leave a Reply

Your email address will not be published. Required fields are marked *