অসমবাসীৰ বাবে অতিকৈ সুখৰ খবৰ , গীনিজ বুক ৱল্ড ৰেকৰ্ডছত স্বীকৃতি লাভ কৰিলে হেমকোষৰ ব্ৰেইল সংস্কৰণে । বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ হ’ল অসমীয়া ভাষাৰ । ‘সাদিন প্ৰতিদিন গোষ্ঠীক’ ইমেইলৰ জৰিয়তে এই খবৰ জনাই গীনিজ বুক ৱল্ড ৰেকৰ্ড কৰ্তৃপক্ষই । আৰু এই দ্বিভাষিক ব্ৰেইল অভিধান খন ২০২২ চনতে ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে উন্মোচন কৰিছিল।
আৰু গীনিজ বুকে বিশ্বৰ ভিতৰতে এই অভিধান খনক সৰ্ববৃহৎ দ্বি -ভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি প্ৰদান কৰিছে । এই অভিধান খনত আছে মুঠ ২১ টা খণ্ড , ৬টা উপ – খণ্ড । ইয়াত আছে ৯০ হাজাৰ ৪৬০ টা শব্দ। তাৰোপৰি এই অভিধান খনেই হৈছে দক্ষিণ পূব এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী অভিধান ।
ইতিমধ্য গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বহু কেইখন শিক্ষানুষ্ঠানলৈ হেমকোষৰ এই ব্ৰেইল সংস্কৰণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে । ইয়াৰোপৰি পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাততো এই ব্ৰেইল অভিধানখন অৰ্পণ কৰা হৈছে।