১ জুনৰপৰা বন্ধ হ’ব বটলিফ ফেক্টৰীসমূহ

Share
বিগত ১৫ মে’ত অনুষ্ঠিত হোৱা অসম বটলিফ টি মেনুফেকছাৰ্ছ এছ’চিয়েচনৰ এক গুৰুত্বপূৰ্ণ সভাত লোৱা সিদ্ধান্ত মৰ্মে অহা ১  জুনৰপৰা বন্ধ কৰা হ’ব বটলিফ ফেক্টৰীসমূহ। এই কথা জানবলৈ দিয়ে অসম বটলিফ টি মেনুফেকছাৰ্ছ এছ’চিয়েচনৰ সভাপতি চান্দ গোহাঁয়ে। 
বটলিফ ফেক্টৰীসমূহ বন্ধ কৰাৰ মূলতে হৈছে ভাৰতীয় টি ব’ৰ্ড আৰু ফুড ছেফটি এণ্ড চিকিউৰিটী  অথ’ৰিটী অৱ  ইণ্ডিয়াৰ হথকাৰী সিদ্ধান্ত । এফ এছ এছ এ আইৰ মতে পৰীক্ষাগাৰত ৯০ শতাংশৰো অধিক কেচাঁপাতত ৰাসায়নিক দ্ৰৱ্যৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ পিছতেই বন্ধ কৰিবলগীয়া হ’ল বটলিফ ফেক্টৰীসমূহ। খাদ্য় সুৰক্ষা বিভাগৰ পৰৱৰ্ত্তী নিৰ্দেশনা নহালৈকে বন্ধ হৈ থাকিব বটলিফ ফেক্টৰীসমূহ।
ৰাজ্যৰ ডেৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা ৫২ শতাংশ কেচাঁপাত ক্ৰয় কৰি বটলিফ ফেক্টৰীসমূহে মেড টি প্ৰস্তুত কৰে। লক্ষণীয় যে এই মেড টি সমূহ প্ৰস্তুত কৰোঁতে কোনোধৰণৰ ৰাসায়নিক দ্ৰৱ্য প্ৰয়োগ কৰা নহয়। কিন্তু এফ এছ এছ এ আইৰ পৰীক্ষাত ধৰা পৰা অনুযায়ী মেড টিত পোৱা ৰাসায়নিক দ্ৰৱ্যসমূহ হয়টো কেচাঁপাত উৎপাদন কাৰীয়ে প্ৰথমাৱস্থাতেই ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰৱ্যৰ অৱশিষ্ট। বিগত সময়ছোৱাত যিহেতু ৯০ শতাংশৰো অধিক কেচাঁপাতত ৰাসায়নিক দ্ৰৱ্যৰ উপস্থিতি ধৰা পৰিছে, সেইবাবে তেনে অৱস্থাত পুনৰ কেচাঁপাত ক্ৰয় কৰাটো বটলিফ ফেক্টৰীসমূহৰ বাবে সম্ভৱ নহয়। কাৰণ নিষিদ্ধ ঘোষিত ৰাসায়নিক দ্ৰৱ্যৰ দ্বাৰা উৎপাদিত কেচাঁপাতেৰে পুনৰ মেড টি সমূহ প্ৰস্তুত কৰিলে ফেক্টৰীৰ লাইচেন্স বাতিল হ’ব পাৰে।
বটলিফ ফেক্টৰীৰ মালিক সন্থাই এফ এছ এছ এ আইৰ অভিযোগ নস্যাৎ কৰি চাহ উৎপাদিত জিলাসমূহত চাহপাতৰ গুণাগুণ পৰীক্ষা কৰিবলৈ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *