২২ নৱেম্বৰৰ পৰা আৰম্ভ হব বৰ্ডাৰ – গাভাস্কাৰ ট্ৰফী

Share

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট। টীম ইণ্ডিয়াৰ সহ:প্ৰশিক্ষক অভিষেক নায়াৰে খেলপথাৰত ৩ দিনীয়া চেণ্টাৰ-উইকেট খেলৰ পৰা তেওঁলোকে বিচৰা সকলোখিনি পাইছে বুলি উল্লেখ কৰে। নায়াৰে কয় যে অষ্ট্ৰেলিয়ালৈ অহাৰ ঠিক পূৰ্বে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই আলোচনা কৰি কৈছিল যে এই তিনি দিনত আমি কি বিচাৰোঁ। ইয়াৰ উদ্দেশ্য আছিল যে দলত থকা যুৱ আৰু অভিজ্ঞ খেলুৱৈ সকলক যথেষ্ট সময় প্ৰধান কৰা। যাতে পৰিস্থিতিৰ লগত তেওঁলোক খাপ খাব পাৰে। লগতে নায়াৰে কয় যে , “আমি চাৰি বছৰ পিছত অষ্ট্ৰেলিয়াত টেষ্ট খেলিবলৈ আহিছোঁ। সেয়েহে আৰম্ভণিতে আমি খেলুৱৈ সকলৰ সৈতে এনে এখন খেল‌ খেলিছিলোঁ, য’ত খেলুৱৈসকল এবাৰ আউট হোৱাৰ পিছত খেলৰ পৰা বাহিৰ হ’ব।” আমি অনুভৱ কৰিছিলোঁ যে দ্বিতীয়বাৰৰ বাবে খেলুৱৈসকলে ভালদৰে খাপ খাইছিল আৰু তেওঁলোকে পৰিস্থিতিবোৰ ভাল দৰে বুজি পাইছিল আৰু আৰাম অনুভৱ কৰিছিল। আমি যি বিচাৰিছিলোঁ, সেয়াই পাইছিলোঁ। নায়াৰে লগতে উল্লেখ কৰে যে কেনেকৈ ভাৰতীয় বলাৰসকলে খেলখনত বলিং কৰাৰ সুযোগ লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *