ৰাজধানী দিল্লীত বোমাতংক। এখন দুখন নহয় মুঠ ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি।দিল্লী আৰক্ষীয়ে জানিব দিয়া মতে, সোমবাৰে দিল্লীৰ বহুকেইখন আগশাৰীৰ শিক্ষানুষ্ঠানে মেইল যোগে লাভ কৰে বোমা বিস্ফোৰনৰ ভাবুকি।ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনি আৰু আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। তাৰ ভিতৰত ডি পি এছ কে পুৰম আৰু পাছিম বিহাৰৰ জি ডি গোৱেংকা স্কুল, মাদাৰ মেৰী স্কুল, ব্ৰিটিচ স্কুল, ছালৱান পাব্লিক স্কুল,কেমব্ৰিজ স্কুলকে ধৰি বহু কেইখন বিদ্য়ালয় অন্তৰ্ভুক্ত হৈ আছে। লগে লগে বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰী সকলক ওভতাই পঠাই ঘৰলৈ। বন্ধ হৈ পৰে বহুকেইখন বিদ্যালয়। মেইলত লিখা আছিল যে – ‘মই অটালিকাবোৰৰ ভিতৰত বহুতো বোমা স্থাপন কৰিছো। বোমাবোৰ সৰু আৰু বহুত ভালকৈ লুকুৱাই থোৱা আছে। ইয়াৰ ফলত অটালিকাটোৰ বিশেষ ক্ষতি নহ’ব যদিও বোমা বিস্ফোৰনৰ ফলত বহু লোক আহত হ’ব। যদি মই ৩০ হাজাৰ ডলাৰ নাপাওঁ তেন্তে মই বোমা বিস্ফোৰন কৰিম।