অসমলৈ  আহিব বলিউড তাৰকা আমিৰ খান ! কিন্তু কেতিয়া ? অভিনেতাগৰাকীৰ অসম ভ্ৰমণক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?  

Share

বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান আহিব অসমলৈ ! আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৭৫ তম স্বাধীনতা দিৱস উদযাপনৰ উদ্দেশ্যে আমিৰ খান অসমলৈ আহিব বুলি বৰ্তমানেও চৰ্চাত অব্যাহত আছিল । শেহতীয়াকৈ আমিৰখানৰ লাল সিং চাড্ডা ছবিখনে ছবিগৃহত মুক্তি লাভ কৰাৰ পাছতে ছবিখনৰ প্ৰচাৰক লৈ ব্যস্ত জনপ্ৰিয় অভিনেতাগৰাকী । কিন্তু ৭৫ তম স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ ল’ব বুলি সামাজিক মাধ্যমত  বিশেষ চৰ্চাত আছিল বলিউডৰ অভিনেতাগৰাকী ।

এনে এক পৰিপ্ৰেক্ষিতত অভিনেতাগৰাকীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি ক’লে যে – “আমিৰখান ডাঙৰীয়াই আহিব খুজিছিলে , কিন্তু তেখেতে মোৰ লগত কথাও পাতিছিলে , যিহেতু এইবাৰ স্বাধীনতা দিৱসৰ ফ’কাচ যাতে বেলেগ হৈ নাযায় সেয়ে মই তেখেতক কৈছোঁ যে আপুনি স্বাধীনতা দিৱসৰ পাছত আহক । তেওঁক যেতিয়াই কওঁ তেতিয়াই আহিব । কিন্তু স্বাধীনতা দিৱসৰ সময়ত ত্ৰিৰংগাৰ পৰা ফ’কাচতো যাতে ক’তো আঁতৰি নাযায় সেইকাৰণে মই তেওঁৰ লগত কথা পাতি ক’লো যে আমি পিছত দিন এটা ঠিক কৰিম” । 

Leave a Reply

Your email address will not be published. Required fields are marked *