শক্তিপীঠ মা কামাখ্যাধামত বলিউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী

Share

নীলাচলৰ বুকুত বলিউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। মা কামাখ্যাধামত উপস্থিত হৈ পুৱাৰ ভাগত মাৰ শ্ৰীচৰণত পূজা আগবঢ়াই আশিস গ্ৰহণ কৰিলে বলিউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে। পৰদেশ,দিল হ্যে তুমহাৰা, ধড়কন, দিল ক্যয়া কৰে, দিৱানে আদি খ্যাত কেইবাখনো ছৱি দৰ্শকক উপহাৰ দিয়া বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী বিগত কেইবাদিনো ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল।উল্লেখযোগ্য যে, অসুস্থতাৰ বাবেই সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰদান নকৰিলে বলিউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *