বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিল,বাহাল থাকিব অসমীয়া ভাষা

Share
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা পৰিলক্ষিত হৈছিল।এই প্ৰতিক্ৰিয়াৰ বাবে অৱশেষত অসমীয়া ভাষা বাতিল নকৰাৰ সিদ্ধান্ত লবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।
উল্লেখ্য যে,২৬জুনৰ দিনা বিশ্ববিদ্যালয়খনৰ অধীনৰ ৫৯খন মহাবিদ্যালয়লৈ এক নিৰ্দেশনা জাৰি কৰা হৈছিল।স্নাতক মহলৰ মেজৰ পাঠ্যক্ৰম অসমীয়াত পঢ়িব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।বিভিন্ন দল সংগঠনকে ধৰি একাধিক সচেতন ব্যক্তিয়ে বিশ্ববিদ্যালয়খনৰ সিদ্ধান্তৰ বিৰোধিতা কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক সাক্ষাত কৰি পুনৰ অসমীয়া ভাষা বাহাল ৰাখিবৰ বাবে দাবী কৰিছিল।
ৰাজ্যজুৰি হোৱা এনে প্ৰতিক্ৰিয়াত সেও মানি বিশ্ববিদ্যালয়খনে অসমীয়া ভাষাত পুনৰ শিক্ষাৰ্থীক পৰীক্ষাত লিখিবলৈ অনুৰোধধাজ্ঞা প্ৰদান কৰে। 
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *