শেহতীয়াকৈ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ সন্ধানহীন হৈছিল ছাবমেৰিন টাইটানখন । আৰু ইয়াৰ পিছতেই ঘোষণা হৈছিল চাবমেৰিনখনৰ বিস্ফোৰণৰ তথ্য।আনহাতে, যাত্ৰা কৰি থকা ৫ গৰাকী পৰ্যটকৰ মৃত্যু হোৱা বুলিও ঘোষণা কৰিছিল বিভাগীয় কৰ্তৃপক্ষই।
উল্লখ্যযোগ্য় যে, উত্তৰ আটলান্টিকত প্ৰায় ৩,৬৫৮ মিটাৰ গভীৰতাত টাইটানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে।ধ্বংসাৱশেষ উদ্ধাৰ কৰাৰ পিছতেই বিভাগীয় কৰ্তৃপক্ষই ঘোষণা কৰিছে যে চাবমেৰিনত থকা পৰ্যটকসকলৰ মৃতদেহকেইটাও উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে।
আনহাতে, টাইটান চাবমেৰিনৰ কিছু ধ্বংসাৱশেষ উদ্ধাৰৰ পাছতেই এক প্ৰকাৰৰ নিশ্চিত হৈছে যে ৬.৭ মিটাৰ দৈৰ্ঘ্যৰ চাবমেৰিনখনৰ নিৰুদ্দেশ সৰ্ম্পকে বিভিন্ন ধৰণৰ বিৰ্তক চলি আছিল যদিও অৱশেষত ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ লগে লগে বিষয়টো অতি চৰ্চা লাভ কৰিছে।
উল্লেখ্য় যে চাবমেৰিনত থকাসকলৰ ভিতৰত আছিল ব্ৰিটিছ কোটিপতি হামিছ হাৰ্ডিং ফৰাচী ডুবাৰু পল-হেনৰী , পাকিস্তানী -ব্ৰিটিছ ব্যৱসায়ী শ্বাহজাদা ডাউড আৰু তেওঁৰ পুত্ৰ চুলেইমান আৰু অ’চেনগেট কোম্পানীৰ চিইঅ’ষ্টকটন ৰাছ।