বিজেপিৰ NDA নে বিৰোধীৰ INDIA কাৰ দখলত আহিব ২০২৪ৰ আধিপত্য

Share

দেশত এতিয়া ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বতাহ বলিছে। শাসকীয় দলৰ পৰা বিৰোধী দললৈ, দেশৰ ৰাজনৈতিক দলসমূহ ব্যস্ত  ৰণনীতি প্ৰস্তুত কৰাত। লোকসভা নিৰ্বাচনত হেট্ৰিক অৰ্জন কৰিবলৈ বিজেপি তথা বিৰোধীয়ে নিজৰ নিজৰ ক্ষমতা হাতত ৰাখিবলৈ কঁকালত টঙালি বান্ধিছে। তাৰে অন্য এক স্বৰূপ হ’ল ১৭ আৰু ১৮ জুলাইত বাংগালুৰুত অনুষ্ঠিত হোৱা বিৰোধী মৰ্চাৰ  নিৰ্বাচনী বৈঠক । শাসকীয়  বিজেপিক ক্ষমতাহীন কৰিবলৈ উঠিপৰি লাগিছে বিৰোধীৰ।  পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মৰ্চা ইউ পি এ (UPA) ৰ নাম সলনি কৰি ইণ্ডিয়া, INDIA  অৰ্থ্যাত  INDIAN NATIONAL DEMOCRATIC INCLUSIVE ALLIANCE নামেৰে মুঠ ২৬ টা  বিৰোধী ৰাজনৈতিক দল একত্ৰিত কৰি এক নতুন মৰ্চা গঠন কৰে। 

ইফালে বিৰোধী ঐক্যক প্ৰত্যুত্তৰ দিবলৈ বিজেপিয়ে পুনৰবাৰ দেশত ক্ষমতা দখলৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পুনৰ বিজেপি  মিত্ৰজোঁট এন ডি এ ক সক্ৰিয় কৰাৰ প্ৰচেষ্টা হাতত লৈছে। দিল্লীত ১৮ জুলাইত, মুঠ ৩৮ টাকৈ ৰাজনৈতিক দলৰ সৈতে এন ডি এ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। 

উল্লেখ্যযোগ্য যে, লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইমাহমান বাকী। ক্ষমতাৰ দৌৰৰ মাৰাথনত সাজু এতিয়া শাসকীয় দল তথা বিৰোধী দল । মূলত, বিৰোধীৰ নৱ গঠিত মৰ্চা ইণ্ডিয়া (INDIA) আৰু বিজেপিৰ এন ডি এ (NDA)  ২০২৪ত আধিপত্য বিস্তাৰ কৰিবলৈ  সক্ৰিয় হৈ পৰিছে । গতিকে পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব দেশত ”এন ডি এ চৰকাৰ হ’ব নে ইণ্ডিয়া”।

Leave a Reply

Your email address will not be published. Required fields are marked *