গুজৰাটত বিজেপিৰ বিশাল জয়, হিমাচল প্ৰদেশ দখল কংগ্ৰেছৰ

Share

বৃহস্পতিবাৰে , ৮ ডিচেম্বৰত দুই গুৰুত্বপূৰ্ণ ৰাজ্য় গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰে ক্ৰমে বিজেপি আৰু কংগ্ৰেছে। বিজেপিয়ে গুজৰাটৰ ১৮২ খন আসনৰ ভিতৰত ১৫৬ খন আসন লাভ কৰে আৰু হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰে ৬৮ খন আসনৰ ভিতৰত ৪০ খন আসন ।

সপ্তমবাৰৰ বাবে ১৫৬ খনত গুজৰাটত বিজয় সাব্য়স্ত কৰি ক্ষমতা অধিষ্ঠিত কৰে বিজেপিয়ে । ইয়াৰ বিপৰীতে কংগ্ৰেছে ১৭ খন আৰু আম আদমি পাৰ্টিয়ে ৫ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় , আনফালে অন্য়ান্য় দলে লাভ কৰে ৪ খন আসন। গুজৰাটৰ নিৰ্বাচনত বিজেপিয়ে ৫২.৫২ শতাংশ ভোট লাভ কৰে লগতে কংগ্ৰেছে ২৭.২৭ শতাংশ ভোট লাভ কৰে। উল্লেখনীয় যে আম আদমি পাৰ্টিয়ে ১৩ শতাংশ ভোট পাবলৈ সক্ষম হয়। 

আনহাতে কংগ্ৰেছে চলোৱা “ভাৰত জোড়ো” অভিযানৰ মাজতে হিমাচল প্ৰদেশত বিপুল ভোটত জয়লাভ কৰে কংগ্ৰেছে। ইয়াৰ বিপৰীতে ৰাজ্য়খনত মাত্ৰ ২৫ খন আসন লাভ কৰে বিজেপিয়ে। আৰু কংগ্ৰেছে ৪৩.৯০ শতাংশ পোৱাৰ বিপৰীতে বিজেপিৰ ৪২.৯৯ শতাংশলৈ হ্ৰাস পায় ভোটৰ সংখ্য়া। 

Leave a Reply

Your email address will not be published. Required fields are marked *