কৃষকক আকৰ্ষণ কৰাৰ চেষ্টা বিজেপিৰ

Share

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিয়ে কৃষকক আকৰ্ষণ কৰিবলৈ পূৰ্ণগতিত প্ৰস্তুতি আৰম্ভ কৰিছে।যোৱা ১২ফেব্ৰুৱাৰীৰ পৰা পশ্চিম উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ সুখ তীৰ্থত আৰম্ভ হৈছে এখন গ্ৰাম পৰিক্ৰমা যাত্ৰা। বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজকুমাৰ চহৰে কয়,গাঁও পৰিক্ৰমা যাত্ৰা আৰু কিষাণ চৌপালৰ জৰিয়তে আমি কৃষকৰ সৈতে যোগাযোগ আৰম্ভ কৰিছো।লগতে তেওঁ কয়,আমাৰ উদ্দেশ্য হৈছে কৃষকৰ পৰা পৰামৰ্শ লোৱা আৰু মোডীৰ পৰা তেওঁলোকে কি বিচাৰে সেই বিষয়ে অৱগত হোৱা যাতে মোডীয়ে সংকল্প পত্ৰ প্ৰস্তুত কৰিব পাৰে।উক্ত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ প্ৰত্যেকখন জিলাত ভিডিঅ কনফাৰেন্সযোগে গাঁৱৰ পৰিক্ৰমা যাত্ৰা আৰু কিষাণ চৌপালক শ্ৰমিক আৰু কৃষকৰ সৈতে পোনপটীয়াকৈ বাৰ্তা ৰাইজক প্ৰেৰণ কৰা হৈছে।এই কাৰ্যসূচীৰ অধীনত কৃষকৰ কল্যাণৰ বাবে কৰা কামৰ প্ৰচাৰ পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে।ইয়াৰোপৰি কিষাণ চৌপালৰ অধীনত কৃষক আৰু শ্ৰমিকৰ সৈতে যোগাযোগ স্হাপন কৰিছে।এইক্ষেত্ৰত গাঁৱত যদি কোনো প্ৰাক্তন সেনা বা শ্বহীদ পৰিয়াল আৰু প্ৰগতিশীল কৃষক থাকে,তেওঁলোকক সন্মান জনাব লাগিব।বিজেপিৰ উত্তৰ প্ৰদেশৰ মুখ্য সভাপতি ভূপেন্দ্ৰ যাদৱ আৰু ধৰ্মপাল সিঙৰ উপৰি স্হানীয় নেতাসকল উপস্হিত থকাৰ লগতে গাঁৱৰ ৰাইজৰ সৈতে আলোচনা অনুষ্ঠিত হয়। বিজেপি কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজকুমাৰ চহৰে মন্তব্য কৰে যে,”বিগত ১০বছৰত মোডী চৰকাৰে কৰা কামৰ বাবে কিষাণ ফছল যোজনাৰ পৰা আৰম্ভ কৰি কিষাণ সন্মান নিধি,শষ্য বিমা,কিষাণ ৰে’ল গভীৰ জলসিঞ্চন,নেনো ইউৰিয়া আদি গাঁও পৰিক্ৰমা যাত্ৰাৰ ক’তো কোনো ধৰণৰ বিৰোধীতা নাই।”

Leave a Reply

Your email address will not be published. Required fields are marked *