কৰ্ণাটকত বিজেপিয়ে মুছলমানসকলৰ সংৰক্ষণ বন্ধ কৰিবঃ অমিত শ্বাহ

Share

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে হুনাগুণ্ডাত এখন ৰাজহুৱা সভাত তোষণৰ ৰাজনীতিকলৈ কংগ্ৰেছক আক্ৰমণ কৰে। ৰাজহুৱা সভাখনত অমিত শ্বাহে উল্লেখ কৰে যে বিজেপিয়ে ৰাজ্যখনত মুছলমানসকলৰ সংৰক্ষণৰ অনুমতি নিদিয়ে। তেওঁৰ মতে, বিজেপিয়ে পি এফ আই (Popular Front of India) নিষিদ্ধ কৰি দেশৰ নিৰাপত্তা শক্তিশালী কৰিছে, কিন্তু কংগ্ৰেছ দলে ইয়াৰ বিৰোধীতা কৰিছে। বিজেপিয়ে কৰ্ণাটকত মুছলমানসকলৰ সংৰক্ষণৰ অনুমতি নিদিয়ে বা ৰাজ্যখনত লিঙ্গায়ত সংৰক্ষণ হ্ৰাস কৰিবলৈও অনুমতি প্ৰদান নকৰে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে, কংগ্ৰেছ দলে প্ৰতিশ্ৰুতিবোৰ সফল কৰিব নোৱাৰে । এছ ডি পি আই (Social Democratic Party of India) আৰু পি এফ আই (Popular Front of India) দলে সংগঠন সমূহৰ পৰা সমৰ্থন হেৰুৱাৰ ভয়ত কংগ্ৰেছ এতিয়া ইয়াৰ বিৰোধী। 

লক্ষণীয়ভাৱে, কৰ্ণাটক হৈছে দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য য’ত বিজেপি শাসনত আছে। কৰ্ণাটকত ১০ মে’ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ ৰাজ্যজুৰি একাধিক ৰেলী, ৰাজহুৱা সভা আদি প্ৰচাৰ কৰি  শীৰ্ষত আছে বিজেপি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে বাংগালুৰুত মেগা ৰোড শ্ব অনুষ্ঠিত কৰিছিল। একেদৰেই কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই সোমবাৰে বাংগালুৰুৰ বিজয়নগৰতৰ এটা ৰোড শ্বত অংশগ্ৰহণ কৰিছিল। মুঠতে এইবাৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনক লৈ তুংগত প্ৰস্তুতি প্ৰত্যেক ৰাষ্ট্ৰীয় দলসমুহৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *