সলনি নোহোৱাৰ ইংগিত বহন কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি

Share

বিজেপিৰ ৰাজ্যিক সভাপতি আৰু বিধানসভাৰ অধ্যক্ষ সলনি নোহোৱাৰ ইংগিত । নলবাৰীৰ দুয়োজন মন্ত্ৰীয়ে বাহাল থাকিব ।মন্ত্ৰীশূন্য যোৰহাট , শিৱসাগৰ , বিশ্বনাথ , লখিমপুৰ , দৰং সহ কেইবাখনো জিলা । অসম মন্ত্ৰীসভাত চাৰিজন নতুন বিধায়কক অন্তৰ্ভুক্তিৰ লগে লগেই ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি আৰু অসম বিধানসভাৰ অধ্যক্ষ সলনিৰ কুচকাৱাজো একপ্ৰকাৰ নিশ্চিত নহব বুলিয়ে ধাৰণা কৰা হৈছে । অহা জানুৱাৰীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি লগতে সকলো ৰাজ্যৰ নতুন সভাপতি মনোনীত হ’ব । সেই অনুসৰি অহা জানুৱাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়কজনক মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বুলি ব্যাপক চৰ্চা চলি আছিল যদিও ক্ৰমাগতভাৱে আশা ক্ষীণ হৈ পৰিছে । কালি চাৰিজন বিধায়কক মন্ত্ৰীসভাত  অন্তৰ্ভুক্ত কৰাৰ পিছত শৰ্মা মন্ত্ৰীসভাত এতিয়া খালী থাকিল মাত্ৰ এটা মন্ত্ৰীৰ পদহে । গতিকে অহা জানুৱাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি নহবও পাৰে বুলি চৰ্চা লাভ কৰিছে । যদিও মুখ্যমন্ত্ৰী শৰ্মা ঘনিষ্ঠ পল্লৱলোচনৰ ৰাজনৈতিক ভৱিষ্যত কি হ’ব । বৰ্তমান সময়ত প্ৰশ্নৰ অৱতাৰণা হৈছে । তাৰ সমান্তৰালভাৱে অসম বিধানসভাৰ অধ্যক্ষ বিশ্ব দৈমাৰীও মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ চিন্তা-চৰ্চা কৰিছিল ।যদিও মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত মাত্ৰ এটা পদহে খালী ৰাখিলে ।যাৰ ফলশ্ৰুতিত অধ্যক্ষ গৰাকীৰো মন্ত্ৰীত্বৰ আসন পোৱাতো অনিশ্চিত হৈ পৰিছে । তাৰ সমান্তৰালভাৱে নলবাৰীৰ জিলাৰ তিনিজন বিধায়কৰ দুজনে মন্ত্ৰীত্ব অন্তভূৰ্ক্ত হৈ থকাৰ বিপৰীতে যোৰহাট , শিৱসাগৰ , বিশ্বনাথ , লখিমপুৰ , কামৰূপ আদিৰ এজনো বিধায়ক মন্ত্ৰীসভাৰ দায়িত্বত নথকাতো আলোচনাৰ বিষয় ।     

Leave a Reply

Your email address will not be published. Required fields are marked *