ডিজিটেল ডেস্কঃ ২৯ আগষ্টত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । অসম-ত্ৰিপুৰা ভ্ৰমণ কাৰ্যসূচী লৈ আহিব বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকী। গুৱাহাটীৰ উজান বজাৰ স্থিত বিজেপিৰ নৱ্-নিৰ্মিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় পদ্ম ভৱন উদ্বোধন কৰিব সভাপতি গৰাকীয়ে ।
তাৰ পাছতেই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব জে পি নাড্ডা ।উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ভ্ৰমণে এক গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিব।