২৫ জানুৱাৰীত উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত নিৰ্বাচনী ৰেলীত দেখিবলৈ পোৱা যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক । বৰ্তমান পশ্চিম উত্তৰ প্ৰদেশৰ ১৪খন আসনৰ ভিতৰত ৮ খন আসনত বিজেপিৰ দখল আছে, ২০১৯ চনত ছটা সমষ্টিত পৰাজয়ৰ সন্মুখীন হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক ২০২৪ চনৰ নিৰ্বাচনত এই আসনসমূহৰ ফলাফলত জয়ী হোৱাৰ বাবে সাজু হৈছে।পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা অঞ্চলসমূহৰ ভোটাৰ আৰু সমৰ্থকৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্যৰে বুলন্দ চহৰত আৰম্ভ হ’ব বিজেপি ৰ বিশাল ৰেলী।বিজেপিৰ দাবী, বুলন্দচহৰত প্ৰধানমন্ত্ৰী মোডীৰ সমাৱেশত প্ৰায় পাঁচ লাখ লোকে অংশগ্ৰহণ কৰিব। ২৫ জানুৱাৰীত বুলন্দচহৰৰ নভাদা গাঁৱত প্ৰধানমন্ত্ৰীৰ নিৰ্ধাৰিত ৰাজহুৱা বৈঠকত সমৰ্থন লাভ কৰিৱ ।